অধ্যয়নৰ বাবে কেনে সময় উত্তম ?
Best Time For Reading Books in Assamese
অধ্যয়নৰ
বাবে সকলোৰে বাবে সময় ভিন্ ভিন্ হোৱা দেখা যায়। কিন্তু এইক্ষেত্ৰত
আটাইতকৈ গুৰ্নত্বপূৰ্ণ কথাটো হৈছে এয়ে যে আমি যেতিয়াই নহওক কিয় অধ্যয়নৰ
বাবে এটা নিৰ্দিষ্ট সময় স্থিৰ কৰিব লাগে। ই আমাক দুই ধৰণেৰে সহায় কৰিব
প্রথমে, ই তোমাক নিয়মানুৱৰ্তী হ’বলৈ শিকায় আৰু দ্বিতীয়তে, পৰীক্ষাৰ ঠিক
প্রাক্ক্ষণত তুমি কঠোৰ শ্রম নকৰিলেও হয়, কাৰণ ইতিমধ্যেই তোমাৰ দৈনিক
অধ্যয়ন সমাপ্ত হৈ থাকে।
পৰীক্ষাত কৃতকাৰ্য হোৱা বহু বিদ্যাৰ্থীৰ ব্যৱহাৰিক অভিজ্ঞতাৰ পৰা এই কথা
স্পষ্ট হয় যে বিদ্যাৰ্থীসকলে ৰাতি পলমকৈ বা ৰাতিপুৱা অতি সোনকালে শুই উঠি
পঢ়াত বহিব পাৰে। ৰাতি ১১ বজাতকৈ অধিক সময়লৈকে পঢ়িবলৈ লোৱাতকৈ ৰাতিপুৱা
অতি সোনকালে শুই উঠি পঢ়িব বহাটোহে অধিক শ্ৰেয়। কাৰণ, গোটেই ৰাতিটো ভালদৰে
টোপনি গৈ ৰাতিপুৱা শুই উঠি তুমি অধিক সতেজ হৈ থাকা। ৰাতিপুৱা ৪ বজাৰ পৰষাখ
৫ বজাৰ মাজত এই সময়খিনি পাঠসমূহ শিকা বা বুজাৰ বাবে আৰু আবেলি ৬ বা ৬:৩০
বজাৰ পৰা ৰাতি ৮:৩০ বা ১:০০ বজাৰ মাজৰ সময়খিনি বিদ্যালয়ৰ শিক্ষকে দিয়া
ঘৰৰ কাম, শ্ৰেণীত পঢ়োৱা পাঠৰ পুনৰ অধ্যয়ন বা অংক কৰাৰ বাবে নিৰ্দিষ্ট কৰি
ৰাখা। ৰাতিপুৱাৰ সময়ছোৱাত, অধ্যয়নৰ অভ্যাস কৰিলে, পৰীক্ষাত তোমাৰ
প্রদর্শন অবিশ্বাস্য ধৰণে উন্নত হোৱাটো নিশ্চিত।



1 Comments
Thanks a lot for sharing this awesome info . I hope Everyone will Benefit for this Information
ReplyDelete